চিতু বৰুৱা, সভাপতি, জাতীয় সংগ্ৰামী সেনা, অসম

কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে অভিযোগ তুলি তেওঁ কয় যে, পূৰ্বতে প্ৰতিবছৰে দুয়োজনে ঈদৰ দিনা সংখ্যালঘু সমাজৰ সৈতে নামাজত অংশ লোৱা দেখা গৈছিল, কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ’ল। এই পৰিৱর্তনৰ কাৰণ কেৱল ৫০১ নম্বৰ ৰুম।

চিতু বৰুৱাৰ মতে, ৰুম নম্বৰ ৫০১ৰ প্ৰভাৱত গৌৰৱ গগৈয়ে সংখ্যালঘু লোকসকলৰ সৈতে মতবিনিময়ৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত আপলোড কৰা কমাইছে। লগতে, ৰুম নম্বৰ ৫০১ প্ৰভাৱৰ ফলতে কংগ্ৰেছৰ ভিতৰত খহনীয়া আৰম্ভ হোৱা বুলিও তেওঁ মন্তব্য কৰে।